১৯৭৮ চন । উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱেডাক্ট বন্ধাৰ কাম পূৰ্ণগতিত চলিছিল । নিয়োজিত আছিল অলেখ শ্ৰমিক । কিন্তু শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা সদায়ে বঞ্চিত আছিল । যিয়ে তেওঁলোকক বিদ্ৰোহী কৰি তুলিছিল আৰু কোম্পানীৰ বিৰুদ্ধে ধৰ্মঘটৰ সিদ্ধান্ত লৈছিল । ধৰ্মঘটৰ নেতৃত্ব দিবলৈ ওলাই আহিছিল শ্ৰমিক নেতা । কিন্তু এই ধৰ্মঘটৰ উদ্দেশ্য জানো সফল হৈছিল !! পাৰিছিলনে নেতাসকলে সুস্থিৰভাবে ধৰ্মঘট আগুৱাই নিব? যিহেতু আদৰ্শ বা একতাৰ অভাৱ আছিল নেতাসকলৰ মাজত । নাছিল কোনো নিৰ্দিষ্ট পৰিকল্পনা । আৰু তাৰে সুবিধা লৈছিল শোষণকাৰীসকলে । অতি সৎ কৰ্মপটু বিশ্বাসী শিক্ষিত যুৱক যশোৱন্ত শ্ৰমিক ইউনিয়নৰ সদস্য হোৱাৰ পিছত ধৰ্মঘটেই হওক বা হৰিজন শ্ৰমিকসকলৰ অনান্য প্ৰাপ্যৰ ক্ষেত্ৰত কিবা ইতিবাচক দিশৰ সূচনা হৈছিল নেকি ? পৰিস্থিতিৰ ৰোষত পৰি এসময়ৰ ৰাংঢালী, আলফুলীয়া নাৰায়ণী নিশকতীয়া হৈ পৰাৰ পাছত, তাই ক'ত কেনেকৈ কিয় ঠাকুৰ চাহাবক হত্যা কৰিছিল ?? শম্ভূ পাছোৱানে লৈ ফুৰা খালী টিংটো পূৰ্ণ হৈছিলনে ? পৰিস্থিতিয়ে বেশ্যা বৃত্তি ল'বলৈ বাধ্য কৰোৱা সেই ছোৱালীহঁত ক'লৈ গুচি গৈছিল ?? হৰিজন শ্ৰমিকসকলক একপ্ৰকাৰ মৃত্যমুখলৈ ঠেলি দিয়াৰ আঁৰত থকা প্ৰতাৰক আচলতে কোন ?? চিকমিকাই থকা তৰোৱাল লৈ শাস্ত্ৰীৰ ঘৰত হঠাতে উপস্থিত হোৱা ক'লা হটঙা মানুহটোৰ সন্মুখত শাস্ত্ৰী জীৱন্ত হৈ বাচি গৈছিলনে ?? বহু বিক্ষিপ্ত ঘটনাৰ সাক্ষী "মামৰে ধৰা তৰোৱালে" আপোনাক লৈ যাব সেই সময়ছোৱালৈ, সেই ঠাইডোখৰলৈ, এইখন দেশৰে যি এক নিৰ্মম বাস্তৱ ।
© 2021 Storyside IN (Audiobook): 9789353987916
Release date
Audiobook: 12 March 2021

Step into an infinite world of stories
Overall rating based on 4 ratings
Informative
Inspiring
Confusing
Download the app to join the conversation and add reviews.
English
India