أدب الجريمة
বেলগুৰি হাবি। ইপাৰ সিপাৰ মনিব নোৱৰা এই বৃহৎ বনাঞ্চলৰ কাষতে এটা বিৰাট ঘৰ। এই ঘৰ শিৱ বৰুৱাৰ। শিৱ বৰুৱাৰ পিতৃ আছিল এজন বিখ্যাত চিকাৰী। এতিয়া শিৱ বৰুৱাও চিকাৰী। তেওঁৰে পুত্ৰ শংকৰ। সৰুতে মাতৃহাৰা হোৱা শংকৰক শিৱ বৰুৱাই বৰ আটোল তোলকৈ ডাঙৰ দীঘল কৰে। সেউজীয়া প্ৰকৃতিৰ মাজত দিনে দিনে বাঢ়ি অহা শংকৰ দিনে দিনে গভীৰ প্ৰেমত পৰে প্ৰকৃতিৰ। আৰু এদিন একো নভবাকৈ শংকৰে এটা বাঘৰ পোৱালি পুহিবলৈ লৈ আহে। সময় আগবাঢ়ে, দিনে দিনে পোহনীয়া বাঘ ভোলাৰ সৈতে অন্তৰংগতা বাঢ়ি আহে শংকৰৰ। সেই অন্তৰংগতাই আশংকা কঢ়িয়াই আনে দেউতাক শিৱ বৰুৱা, ঘৰৰ কাম কৰা লগুৱা জীউলাল আৰু ৰামুৰ মনলৈ। বহু চেষ্টা কৰিও শিৱ বৰুৱাই পুতেকক ভোলাৰ পৰা আঁতৰ কৰিব নোৱাৰিলে। শংকৰ যেন মানুহ নহয়, লাহে লাহে জান্তৱ হৈ পৰিছে। এদিন শিৱ বৰুৱাৰ বন্ধুৰ জীয়েক মণিৰ লগত শংকৰৰ বিয়া হয়। শিৱ বৰুৱাই ভাবে শংকৰৰ স্বভাৱ এইবাৰ ঠিক হ'ব। কিন্তু ঘটনাই নতুন মোৰ লয়। ঘৰৰ বনকৰা জীউলালৰ মৃত্যু হয় বাঘৰ মুখত। মৃত্যু হয় ৰামুৰো। কিন্তু ক'ৰ বাঘ। হাবিৰ বেলেগ বাঘ নে ভোলা? এদিন ঘৰৰ পৰা নাইকিয়া হয় ভোলা। অন্তৰ্ধান হয় মণি। কি হ'ল মণিৰ? কেনেবাকৈ ভোলাই বাৰু মণিক? পৃষ্ঠাই পৃষ্ঠাই হিংস্ৰ জীৱৰ ৰহস্য।এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল'যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'জান্তৱ'।
© 2021 Storyside IN (كتاب صوتي): 9789354838538
تاريخ النشر
كتاب صوتي: 11 أكتوبر 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت