خطوة إلى عالم لا حدود له من القصص
روايات رومانسية
প্ৰফেছৰ সুব্ৰমণিয়মে পেলেচ বিল্ডিঙৰ কোঠাত ফাণ্ডামেণ্টেলৰ ক্লাছ লৈ থাকোঁতে মৈত্ৰেয়ীৰ তাত মন নবহে। তাৰ বিপৰীতে তাইৰ মনটো দৌৰি ফুৰে বিল্ডিঙৰ আনবোৰ কোঠালিৰ আশে-পাশে। এই যেন কোনোবা এটা কোঠালিৰ পৰা ভাহি আহিছে নূপুৰৰ ঝংকাৰ, ক'ৰবাত যেন নৰ্তকীয়ে নাচিছে। বৰোডাৰ গাইকোৱাদ বংশৰ মহাৰাজৰ ৰাজপ্ৰসাদত কেনেকৈ আৰু কি কাৰণত উপস্থিত হৈছিল মৈত্ৰেয়ী? মৈত্ৰেয়ীৰ চকুৰ আগত কেনেকৈ জীৱন্ত হৈ উঠিছিল মহাৰাণী মধুবালা, মহাৰাণী গায়ত্ৰী দেৱী? দাৰোৱান দ্বাৰকানাথ, ফুলৱালী বৃন্দাবাই অথবা ঝাৰুৱালী ঈশ্বৰীৰ সৈতে কি সম্পৰ্ক মৈত্ৰেয়ীৰ? দূৰৈৰ নীলি পাথৰৰ অট্টালিকাৰ পোহৰৰ দ্যুতি দেখি কিয় উচুপি উঠিছিল মহাৰাণী মধুবালা? জীৱন সঁচাকৈয়ে এক শূণ্য পিয়লা নেকি? ফিনিক্স পখীৰ দৰে জী উঠাৰ মন। উৰ্দু শায়েৰীৰ দৰে বিভিন্ন জনৰ জীৱন সামৰি শুই থকা বিবৰ্ণ তুলাপাতবোৰ শতাব্দীজুৰি পৰি আছিল মেহগনি কাঠৰ পেৰা এটাৰ ভিতৰত। কিন্তু সেই পেৰা মৈত্ৰেয়ীৰ হাতত পৰিল কেনেকৈ? (মেহগনি কাঠৰ পেৰা)
গাধৰ পিঠিত বোজাই দি পাহাৰীয়া পথেৰে নৰবু ডুপা নামি আহে ভৈয়ামলৈ। কেৱল নৰবু ৱে নে, জিগমে দৰ্জে, জাম্মাহঁতো।এই ভূটীয়াহঁতৰ লগত ভৈয়ামৰ মানুহখিনিৰ এটা আন্তৰিক সম্বন্ধ আছে। কিন্তু কথাবোৰ একেভাগে থাকে জানো। লাহে লাহে আৰম্ভ হোৱা উগ্ৰপন্থীৰ সমস্যা, বোকাখেলা ৰাজনীতিৰ প্ৰভাৱে গোটেই কথাবোৰে সলনি কৰি পেলালে। ক'ৰবাত যদি উগ্ৰপন্থী ৰ সন্ত্ৰাস, আন ক'ৰবাত আকৌ বড়ো অবড়োৰ মাজত সংঘৰ্ষ। সন্ত্ৰাসজৰ্জৰ এছোৱা সময়ৰ কথকতা। তাৰ মাজতো আকৌ বনৰীয়া হাতীৰ উপদ্ৰৱ। এখন মনোৰম উপন্যাসিকা। (অৰণ্যৰ সুহুৰি)
অল ইণ্ডিয়া ছাৰ্জিকেল কনফাৰেঞ্চত যোগ দিবলৈ ডাঃ ৰণদীপে ঢাপলি মেলে গোৱালৈ। তাত গৈ সি লগ পাই বহু বছৰ অসমত ৰণদীপহঁতৰ ঘৰৰ ওচৰত থাকি যোৱা বাদল তথা ডাঃ ডিক্ৰজক। কনফাৰেঞ্চলৈ যোৱা ৰণদীপে পিছে কেৱল নিজৰ কনফাৰেঞ্চতে ক্ষান্ত নাথাকিল। তেওঁ নামি পৰিল গোৱাৰ ইতিসাহ সন্ধানত। গোৱাৰ ইতিহাস খুচৰি ৰণদীপ সোমাই পৰিল এখন বেলেগ ৰাজ্যত। কিন্তু কি পালে সি তাত? কনফাৰেঞ্চতে ৰণদীপে লগ পালে বৰোডাৰ ডাঃ নীতি খান্নাপুৰক। মাথোঁ দুদিনৰ চিনাকিয়ে নীতিৰ বাবে ৰণদীপৰ হৃদয়ত তোলপাৰ লগালে। কিন্তু ডাঃ নীতিয়ে জানো বুজিব পাৰিলে ৰণদীপৰ মনৰ কথা? যোৱাৰ সময়ত ডঃ নীতিয়ে ৰণদীপক কিয় মাত নিদিলে? কিন্তু তাই এখন চিঠি থৈ গৈছিল তাৰ বাবে। অভিমান হৈছিল তাৰ। কোনোদিনে চিঠিখন নোখোলাৰ সিদ্ধান্ত লৈছিল সি? কিন্তু কিয়? কি আছিল সেই চিঠিত? (ইতিহাস, মানুহ আৰু হৃদয়)
এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ঔপন্যাসিক ডাঃ নন্দিতা দেৱী ৰ তিনিখন উপন্যাসিকাৰ একত্ৰ সংকলন "মেহগনি কাঠৰ পেৰা"।
© 2022 Storyside IN (دفتر الصوت ): 9789355441065
تاريخ الإصدار
دفتر الصوت : 15 يوليو 2022
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة