মধ্যবিত্ত প্ৰাত্যহিকতাৰ দলিল, সংযত আৱেগ, প্ৰাঞ্জল ভাষা আৰু উপযোগী উপস্থাপনেৰে সমৃদ্ধ এমুঠি সৃষ্টি। মানুহৰ দৈনন্দিন জীৱনৰ কিছু সৰু সুৰা ঘটনাৰ মাজেৰে উন্মোচিত হৈছে মানৱীয় অভিজ্ঞতাৰ কিছুমান তিক্ত মধুৰ তাৎপৰ্য। এমুঠি দৌৰৰ গল্প। প্ৰতিযোগিতাৰ দৌৰ অথবা প্ৰতিদ্বন্দিতাৰ দৌৰ। ঠেলি হেঁচুকি কাষৰ জনক বগৰাই উৰ্দ্ধশ্বাসে মৰা এটা দৌৰ। নতুবা কোনোবা পৰাজিত, পৰ্যুদস্ত মানুহৰ জীয়াই থকাৰ দৌৰ। অন্যহাতেদি আকৌ শূন্যতা। ব্যক্তিজীৱনৰ নতুবা সমাজ জীৱনৰ শূণ্যতা, অস্থিৰতা। আৰু এই অস্থিৰতাই সৃষ্টি কৰা দৌৰ। এনে দৌৰৰে ১৪ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰখ্যাত গল্পকাৰ অতনু ভট্টাচাৰ্যৰ "চেঁকুৰ"।
© 2021 Storyside IN (Audiobook): 9789353988289
Release date
Audiobook: 6 October 2021