Step into an infinite world of stories
প্ৰেম, ত্যাগ আৰু সংঘাতৰ মাজেৰে আগবঢ়া এটি সুন্দৰ কাহিনীৰে উত্তৰ ফাল্গুনী এখন সামাজিক উপন্যাস৷ য'ত আছে জীৱনৰ সংগ্ৰাম, বন্ধুত্বৰ ত্যাগ আৰু প্ৰেমৰ মাজেৰে প্ৰাণ পোৱা জীৱনৰ মধুময় ক্ষণবোৰৰ ৰং, আৰু সমান্তৰালভাৱেই আছে চক্ৰান্ত, স্বাৰ্থপৰতা, বিশ্বাসঘাটকতা আৰু নিষ্ঠুৰ জীৱনৰ কদৰ্য ৰূপ ৷ অজ্ঞান অৱস্থাত পদপথৰ পৰা চুলতান আৰু তেওঁৰ বন্ধু ৰাজাই , গৌতম বৰুৱা নামৰ এজন যুৱকক উদ্ধাৰ কৰি আনি নতুন জীৱনদান দিলে ৷ পৰৱৰ্তী সময়ত তেওঁ সমাজত জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে ৷ কিন্তু সমাজৰ কুটিল ষড়যন্ত্ৰৰ বলী হৈ নিজৰ কণ্ঠৰ লগতে প্ৰেম, নিজৰ পুত্ৰ পৰিবাৰ আৰু অৱশেষত নিজৰ জীৱনো কিদৰে হেৰুৱাব লগা হয়, এই সকলোখিনি অতি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে ৷ নানা চৰিত্ৰ আৰু নানা স্বভাৱৰ সমাবেশৰ মাজেৰে এখন উপভোগ্য উপন্যাস ৰঞ্জু হাজৰিকাৰ 'উত্তৰ ফাল্গুনী' এইবাৰ শুনক ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789354838842
Release date
Audiobook: 9 October 2021
English
India