বিশিষ্টা লেখিকা মনালিছা শইকীয়াৰ অনুপম সৃষ্টি "সত্যবান দূৰ হৈ নাযাবা"। উপন্যাসখনত সন্নিবিষ্ট বিভিন্ন চৰিত্ৰ সমূহ আমাৰ সমাজৰ পৰাই বুটলি অনা কিছু জীৱন্ত চৰিত্ৰ। ইয়াত অংকিত কৰা প্ৰতিটো চৰিত্ৰই যেন আমাৰ সমাজত উপলব্দ্ধ একোখনকৈ পৰিচিত মুখ। উপন্যাসখনৰ মূল চৰিত্ৰ সত্যবান সমাজৰ এটি অশান্ত, উদ্ভ্ৰান্ত আৰু অস্থিৰ চৰিত্ৰ। মদাহী, উচ্ছৃংখল তথা অস্থিৰ বুলি জানি সমাজে ত্যাগ কৰিব খুজিলেও সি আমাৰ সমাজৰেই অংশ হৈ থাকে। তেনে চৰিত্ৰৰ মানুহবোৰৰ বাবে কিন্তু আজিও আমাৰ দায়বদ্ধতা শেষ হৈ যোৱা নাই। এওঁলোকৰ প্ৰতি বহুখিনি কৰণীয় থাকে শিক্ষিত তথা দায়িত্বশীল সমাজখনৰ। উপন্যাসখনত আছে ৰণদীপৰ দৰে এক সংগ্ৰামী সত্তা, পুৱতিৰ দৰে সংবেদনশীল মনৰ এগৰাকী উচ্চশিক্ষিতা যুৱতী, কাকলি-সাদৰীৰ দৰে কৰ্মথ যুৱতী, ৰাজু-অনিলৰ দৰে অকালতে হেৰাই যোৱা যুৱক, ৰহিলাৰ দৰে কষ্টৰ ঘাম মাটিত পেলাই দুবেলা-দুমুঠি পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰিবলৈ সংগ্ৰাম কৰা স্বাৱলম্বী নাৰী....!! এই সকলোবোৰ যুৱক-যুৱতীৰ বিচিত্ৰ জীৱন-ছৱিৰ যোগফলেই হ'ল "সত্যবান দূৰ হৈ নাযাবা"।
© 2021 Storyside IN (Audiobook): 9789353987534
Release date
Audiobook: 4 May 2021

Step into an infinite world of stories
Overall rating based on 4 ratings
Sad
Romantic
Thought-provoking
Download the app to join the conversation and add reviews.
English
India