শিখা আৰু তাইৰ ভায়েক কাষৰ ঘৰৰে ডাক্তৰ পৰেশ আৰু মাধৱীৰ তত্বাৱধানত ডাঙৰ হোৱা। সিহঁতৰ ঘৰ দুখন যদিও পৰিয়াল যেন এটাই। এমুঠিমান শিখাৰ প্ৰিয় বন্ধু। সুন্দৰ সময়, সুখী সময়।কিন্তু হঠাতে খেলিমেলি হৈ যায় সকলোবোৰ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় শিখা। সীমান্তত কৰ্মৰত শিখাৰ ভায়েক আৰু শিখাৰ প্ৰিয়জন শান্তনু। সকলোফালে আৰম্ভ হয় হাঁহাকাৰ। সীমান্তৰ যুদ্ধত শান্তনু ব্যস্ত থকাৰ বিপৰীতে শিখাই দৈনিক যুজিব লগা হয় শৰীৰ আৰু মনৰ সৈতে। ৰোগে চেপি-খুন্দি আনে শিখাক। আনহাতে সীমান্তৰ যুদ্ধৰ বাবে পৰিস্থিতি আৰু বেছি ভয়াৱহ হৈ পৰে। বছৰ বছৰ ধৰি অসমতে বসবাস কৰা মানুহবোৰে নিজৰ বাসস্থান এৰি পলাবলগীয়া হয়। এক ভয়াৱহ, কৰুণ পৰিস্থিতি। কিন্তু কি হ'লগৈ তাৰ পিছত? সীমান্তৰ যুদ্ধৰ অৱসান ঘটিল নে? শান্তনুৰ লগত শিখাৰ বিয়া হ'ল নে? প্ৰেম, বিষাদ, দুখ, যন্ত্ৰণাৰ এক দলিল, এখন হৃদয়স্পৰ্শী উপন্যাস কাঞ্চন বৰুৱাৰ 'উৰ্মিলাৰ চকুলো' এইবাৰ শুনক ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789354343964
Release date
Audiobook: 18 July 2021