দুটা প্ৰজন্মৰ জীৱনৰ ঐতিহাসিক প্ৰবাহ, তাৰ সকলো অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা। বহু বিচিত্ৰ চৰিত্ৰ। সেই চৰিত্ৰসমূহৰ মাজৰ দ্বন্দ্ব-সংঘাত, ক্ৰিয়া- প্ৰতিক্ৰিয়া। আমাৰ সকলোৰে চকুৰ আগতে ঘটি থকা বহু ঘটনা। কাহিনীৰ নায়ক শিৱনাথ গণ্য মান্য, সমাজৰ চকুত এজন উচ্চ মৰ্যাদাসম্পন্ন ব্যক্তি। তেওঁৰ দুই জী ৰম্ভা আৰু সাবিত্ৰী, তিনি পুত্ৰ গৌৰিনাথ, লক্ষ্মীনাথ আৰু কালিনাথ।কালক্ৰমত সলনি হৈ যায় সময়। শিৱনাথৰ বংশমৰ্যদা, শিৱনাথৰ সমাজত থকা উচ্চ স্থান অক্ষুন্ন হৈ থাকিলনে? শিৱনাথৰ পুত্ৰহঁতে পিতৃপুৰুষৰ সেই ঠাইখিনি ৰাখিবলৈ কিমান দূৰ সক্ষম হ'ল? এই সকলোখিনি জানিবলৈ ষ্টৰীটেল যোগে শুনক প্ৰথিতযশা সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঞিৰ এখনি বহুল জনপ্ৰিয় উপন্যাস 'পিতা পুত্ৰ'।
© 2021 Storyside IN (Audiobook): 9789353988463
Release date
Audiobook: 22 March 2021