এলিজি মাক-দেউতাকৰ মৃত্যুৰ পাছত একেবাৰে অকলশৰীয়া হৈ পৰে। নিসংগ সময়বোৰতে এলিজিক মাতি পঠিয়ায় মেৰিয়ম বুলি এগৰাকী নাৰীয়ে। সেই নাৰীয়ে নিজকে এলিজিৰ দেউতাকৰ বন্ধু বুলি পৰিচয় দিয়ে। মেৰিয়মৰ ঘৰত এলিজিৰ নতুন জীৱনৰ আৰম্ভণি হোৱাৰ সময়তে এলিজিয়ে লগ পায় আডাম নামৰ এজন যুৱকক। কিন্তু সেই যুৱকৰ প্ৰেমত পৰাৰ পাছতে এলিজিয়ে জানিব পাৰে, আডাম প্ৰকৃততে এটা ৰক্তপিপাসু ভেম্পায়াৰ। কিন্তু তাৰ পিছতো এলিজি আঁতৰিব নোৱাৰে আডামৰ কাষৰ পৰা। এদিন এলিজিয়ে লগ পায় আডামৰ ভেম্পায়াৰ ককায়েক ডেমনক। আৰু কাহিনীয়ে বেলেগ ধৰণে গতি লয়। মানৱ আৰু ভেম্পায়াৰৰ ত্ৰিকোণ প্ৰেম, বিশ্বাস, বিশ্বাসঘাটকতা, প্ৰতাৰণা, বন্ধুত্ব এই সকলোখিনিৰে পৰিপূৰ্ণ এটা কাহিনী। অনুৰাধা দত্তৰ এক অগতানুগতিক উপন্যাস "আৰিৱা"। এইবাৰ শুনক "ষ্টৰীটেল"ত।
© 2021 Storyside IN (Audiobook): 9789353988128
Release date
Audiobook: 20 April 2021