সম্ভ্ৰান্ত পৰিয়ালৰ ৰায়বাহাদুৰ ঘনশ্যাম দেৱ বৰুৱা অসম চৰকাৰৰ এগৰাকী বৰ উচ্চ পদস্থ আৰু সন্মানীয় বিষয়া। চাৰিটা সন্তানেৰে পৰিপূৰ্ণ ৰায়বাহাদুৰৰ বৰপুত্ৰ নয়নভানু পঢ়াই-শুনাই ৰায়বাহাদুৰৰ চকুৰ মণি। বিদেশত পঢ়িবলৈ যোৱা নয়নভানুৱে দেউতাকৰ আশা পূৰণ কৰিব পাৰিলেনে? ৰায়বাহাদুৰৰ বৰ জী অনিমাই কি কৰিলে? দুৰ্ঘটনাত পতিত হোৱা সৰু জী মইনাৰ কি হ'ল? আৰু উদয়ভানু! সৰু পুত্ৰ উদয়ভানুৰ প্ৰতি ৰায়বাহাদুৰ মনত ক্ষোভৰ কাৰণ কি? সেই ক্ষোভ আঁতৰিল নে? সকলোৰে বাবে উদয়ভানু এটা উদণ্ড মদাহী। কিন্তু মাধৱীলতায়ো তেনেকৈ ভাবে নে? শিল্পী উদয়ভানু নে মদাহী উদয়ভানু! মাক লাৱণ্যপ্ৰভাই উদয়ভানুক লৈ দেখা সপোনৰ কি হ'ল? মাধৱীলতাৰ সৈতে উদয়ভানুৰ সম্পৰ্ক কি? আৰু হৰেণ..? শুনক ষ্টৰীটেল যোগে মামনি ৰয়চম গোস্বামীৰ 'উদয়ভানুৰ চৰিত্ৰ', ভাস্কৰ জ্যোতি আচাৰ্যৰ কণ্ঠত।
© 2021 Storyside IN (Audiobook): 9789353987848
Release date
Audiobook: 15 January 2021