Romance
বুঢ়ী আইৰ সাধুৰ অন্তগৰ্ত তেজীমলাৰ সাধুৰ কথা কোনে নাজানে? নিষ্ঠুৰ মাহীমাকৰ অত্যাচাৰৰ বলি হোৱা তেজীমলাৰ সাধুৱে বুকুখনত কিবা এটা যন্ত্ৰণাৰ সৃষ্টি নকৰেনে? কিয় কৰিছিল ইমান অত্যাচাৰ মাহীমাকে, সেই কথা সাধুটোৱে কৈ গৈছে। কিন্তু সাধুটোক যদি অকনমান বেলেগ দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰে হয়তো কথাবোৰ বেলেগ হ'ব পাৰে। এই কাহিনী তেজীমলাৰ কাহিনী নহয়। এই কাহিনী তেজীমলাৰ মাক সুমিত্ৰাৰ কাহিনী। আছিল নেকি তেজীমলাৰ মাহীমাকৰ নাম সুমিত্ৰা আৰু পিতাকৰ নাম ভোগেশ্বৰ অথবা ভোগাই। কি পৰিস্থিতিত, কি কাৰণত তেজীমলাৰ পিতাকে সুমিত্ৰাক বিয়া পাতিব লগিয়া হৈছিল? সুখৰ আছিল নে সেই সংসাৰ? বিয়াৰ প্ৰথম নিশাতে সুমিত্ৰাক বিচনাত এৰি ক'ত গুছি গৈছিল ভোগেশ্বৰ? বহাগীৰ সৈতে অবৈধ সম্পৰ্ক এটাৰে বান্ধ খাই থকা ভোগেশ্বৰৰ প্ৰতি জমা হৈছিল নেকি সুমিত্ৰাৰ মনত ক্ষোভৰ? সুমিত্ৰাই প্ৰকৃততে তেজীমলাক হত্যা কৰা নাছিল। তেন্তে কিয় বাৰে বাৰে কৈ আছিল তেজীমলাক হত্যা কৰাৰ কথা। মানসিকভাৱে ভাগি পৰিছিল সুমিত্ৰা। অত্যাধিক মানসিক যন্ত্ৰণাই বুকুত চাপৰ সৃষ্টি কৰিছিল। আৰু তাৰ পৰিণতিত সুমিত্ৰা মানসিক ৰোগী হৈ পৰিছিল। কিন্তু কিয়? সত্য নে এই কাহিনী? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ঔপন্যাসিক মৃদুল শৰ্মাৰ আঁক-বাঁক উপন্যাস বঁটাপ্ৰাপ্ত উপন্যাস "তেজীমলাৰ মাকৰ সাধু" সীমা বৰুৱাৰ কণ্ঠত।
© 2022 Storyside IN (Audiobook): 9789353988050
Release date
Audiobook: 15 March 2022

Step into an infinite world of stories
No reviews yet
Download the app to join the conversation and add reviews.
English
India